07/08/2023
বিবাহৰ দুদিন পিছত দৰাই, ন কইনাক সুধিলে " বিয়াৰ আগত তোমাৰ জীৱনত কোনোবা আছিল নেকি ? মোক কব পাৰা, এইবোৰ তো আজিকালি সাধাৰণ বিষয় থাকিবও পাৰে ...কোৱা ...😕
ন কইনাই ভাবিলে, দৰাতো সহজ সৰলেই লাগিছে , কৈয়েই দিওঁ...........ন কইনাই বিছনাৰ পৰা নামি আহি আলমাৰিৰ ভিতৰৰ পৰা এটা বক্স বাহিৰ কৰি দৰাৰ হাতত তুলি দিলে... বক্সৰ ভিতৰত এখন ২০ টকীয়া নোট আৰু ৭ টা চাউল আছিল ...দৰাই সুধিলে এইবোৰ কি...?
ন কইনাঃ মোৰ যেতিয়াই কোনো লৰাক ভাল লাগিছিল বা প্রেমত পৰিছিলো, তেতিয়া মই এটা এটাকৈ চাউল এই বক্সত ভৰাইছিলো ...
দৰা : ওহ তাৰমানে তুমি ৭ জনৰ প্রেমত পৰিছিলা...??? আৰু এই ২০ টকাটো কিহৰ ..😮
ন কইনা : বিয়াৰ ১ সপ্তাহ আগত ১ কেজি চাউল বিক্রী কৰি এই ২০ টকাটো পাইছিলো আৰু বাকী আছে এই ৭ টা চাউল, এইকেইটা বিক্রী কৰিব পৰা নাই ....😁
দৰাই এতিয়া চিকিৎসালয়ৰ বিচনাত শুই শুই নাৰ্চক সুধি আছে , ১ কেজি চাউলত কিমানটা চাউল থাকে ? 😭