24/05/2023
অসমৰ ময়ূৰ হাজৰিকাই এইবাৰ UPSC পৰীক্ষাত পঞ্চম স্থান লাভ কৰিছে। এই মুহূৰ্তটো সমগ্ৰ অসমৰ বাবেই অতি গৌৰৱৰ। বহু বছৰ পূৰ্বে ৰাজীৱ বৰা ডাঙৰীয়া অষ্টম স্থানত আছিল। বৰ্তমানৰ মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়াই হয়তো ১৭ নম্বৰ স্থান লাভ কৰিছিল। ময়ূৰ হাজৰিকা পেছাত এজন ডাক্তৰ। অসমৰ ইদুল আহমেদে ২৯৮ নং স্থান, ভিনচেন্ট ভাইপে (৬১৯ স্থান প্ৰাপ্ত), ডিমা হাছাওৰ দীক্ষা লাংথাছা (৬৬৪ স্থানপ্ৰাপ্ত), বজালী নিবাসী নিবেদিতা দাস (৮৪৮ স্থান প্ৰাপ্ত) আৰু নামৰূপৰ মানবজ্যোতি দাস (৮৮১ স্থান প্ৰাপ্ত) লৈও আন্তৰিক অভিনন্দন যাচিলোঁ। অসমৰ ল'ৰা-ছোৱালীয়ে UPSC ত ভাল স্থান লাভ কৰাতো জাতিটোৰ বাবেও দৰকাৰী। ময়ূৰৰ এই সাফল্য বহু ল'ৰা-ছোৱালীৰ বাবে অনুপ্ৰেৰণা হৈ ৰ'ব।
আকৰ্ষণীয় ভাৱে UPSCৰ প্ৰথম চাৰিগৰাকী মহিলা। ইষিতা, গৰিমা, উমা আৰু স্মৃতি। আৰু অসমৰ ময়ূৰে পুৰুষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে।