23/09/2026
“অমৰত্বৰ সুৰ”
উমি উমি জ্বলি আছিল যি জুই ইমান বছৰে,
আজি সি দাউদাউ কৈ জ্বলি উঠিল…
সপ্তস্বৰৰ ঠিকনা এৰি,
সিদিনা তুমি গুচি গ’লা অমৰত্বৰ দিশে—আমাক এক গভীৰ ক্ৰন্দনত বুৰাই,
সমগ্ৰ অসমক একাত্ম কৰি জলাই।
তুমি নাই, কিন্তু তোমাৰ সুৰৰ মাদকতা এতিয়াও বতাহত ভাঁহি আহে,
‘অনামিকা’ৰ পৰা ‘মায়াবিনী’লৈ—প্ৰতিটো গীতেই তোমাক সজীৱ কৰি ৰাখে।
হে মহান শিল্পী, তোমাৰ অবিহনে অসমীয়া সংগীতৰ মৰুভূমিত,তুমি সদায় আমাৰ হৃদয়ে হৃদয়ে জিলিকি থাকিবা।
তুমি হেৰাই যোৱা নাই জুবিন দা,তুমি লীন হৈছা তোমাৰ সৃষ্টিৰ অনন্ত আকাশত।
"উমি উমি জ্বলি আছিল ইমান বছৰে, আজি দিনটোতেই জ্বলি গ’ল অমৰত্ব প্ৰাপ্তিৰ কাৰণে, সবাকো জ্বলাই।"