অসমীয়া সংস্কৃতি The Assamese Culture

  • Home
  • India
  • Ledo
  • অসমীয়া সংস্কৃতি The Assamese Culture

অসমীয়া সংস্কৃতি The Assamese Culture কিবা বিষয় প্ৰকাশ কৰাত ভুল হলে,সেই ভুলবোৰ শুদ্ধ কৰি দিবলৈ আনুৰোধ জনালো৷
কঠোৰ ভাষা লিখি নহয়…

https://www.facebook.com/670688236382585/photos/a.670896693028406/1510890359029031/?type=3&app=fbl
14/01/2022

https://www.facebook.com/670688236382585/photos/a.670896693028406/1510890359029031/?type=3&app=fbl

মাঘ বিহু

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলে৷ এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

ইতিহাস-

আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায় ৷ বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল ৷ স্বৰ্গদেউসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল ৷ আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল৷ সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায় ৷ এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল ৷ যেনে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি ৷ সেইদিশৰ পৰা ৰংঘৰ আৰু ইয়াৰ সৈতে সংলগ্ন বাকৰি ৰোমান কলছিয়ামৰ সমতুল্য ৷

বিহু-

ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি। মেজি ঘৰ দাহনৰ পিছত আধাপোৰা বাঁহচালি লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়৷

মেজিত জুই লগাই অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্ৰ ফাঁকিগোৱা হয়-

অগ্নিং প্ৰজ্জ্বলিতং বন্দে চতুৰ্ব্বেদং হুতাশনং৷
সুবৰ্ণ-বৰ্ণমমলং জ্যোতি ৰূপায় তে মন:৷৷

ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়৷ গুৰু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লোৱা হয়৷

তথ্য সংগ্ৰহ:-(অসমীয়া ৱিকিপিডিয়া)

আঘোণ মাহআঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ। মৃগশিৰা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম '...
12/12/2021

আঘোণ মাহ

আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ। মৃগশিৰা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম 'মাৰ্গশীৰ্ষ' হৈছে। এই সময়ত খেতি পথাৰ বোৰ পকা ধানেৰে শোভিত হৈ পৰে। অসমীয়া পৰম্পৰা অনুসৰি সেয়ে এই মাহ ধান চপোৱাৰ সময়। নামনি অসমৰ কোনো কোনো অঞ্চলত ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা ‘মহোহো’ উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি পালন কৰা হয়। আঘোণ মাহত পালন কৰা হয় অন্যান্য আনুষংগিক অনুষ্ঠান সমূহ হৈছে- লখিমী অনা, লখিমী আদৰা, ন-খোৱা উৎসৱ ইত্যাদি।

তথ্য সংগ্ৰহ:-(অসমীয়া ৱিকিপিডিয়া)

ফাগুনবীৰেশ্বৰ ৰাভাফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আ...
26/05/2021

ফাগুন

বীৰেশ্বৰ ৰাভা

ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ ,ফাগুণ আৰু চ'তৰ অন্যতম। ফাগুনত ৩০ দিন থাকে।
অন্য পঞ্জিকাত ফাগুনৰ সমসাময়িক মাহ
অসমীয়া পঞ্জিকাত ফাগুন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত ফেব্ৰুৱাৰী আৰু মাৰ্চ হয়। ফাগুন ১৪ বা ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু মাৰ্চৰ মধ্যলৈকে থাকে। ব'হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত মাঘা মাহ চলি থাকে ভাৰতীয় অন্যান্য প্ৰান্তত ফাগুন মাহক দ্বাদশ মাহ বুলি ধৰা হয়। আনহাতে গুজৰাটত কাতি মাহক বছৰৰ প্ৰথম মাহ বুলি ধৰা হয় বাবে ফাগুন পঞ্চম মাহ। মাগুন মাহৰ উৎসৱ সমূহৰ ভিতৰত মহা শিৱৰাত্ৰি আৰু ফাকুৱা উল্লেখযোগ্য। ফাকুৱা সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। বৈষ্ণৱ কেলেণ্ডাৰৰ মতে ফাগুন মাহটো গোবিন্দৰ দ্বাৰা পৰিচালিত হয়। ভাৰতৰ কোনো কোনো প্ৰান্তৰ লোকে এই মাহত গৌড় পূৰ্ণিমা উদযাপন কৰে। গোৱাৰ লোক সকলে এই মাহত শিগমো উৎসৱ পালন কৰে।

ফাগুন মাহৰ সময়ত বতৰৰ উষ্ণতা ভাৰসাম্য অৱস্থাত থাকে। এই সময়ত বৰষুণ প্ৰায় নোহোৱাৰ বাবে বতৰ শুকান আৰু ধূলিময় হয়। এই সময়ত অসমৰ হাবিত মদাৰ, শিমলু আৰু পলাশ ফুল ফুলা দেখা যায় আৰু হেটুলুকা চৰাইৰ মাত সঘনাই শুনিবলৈ পোৱা যায়। এই সময়ত নদ-নদী, পুখুৰী ইত্যাদিৰ পানী শুকাবলৈ আৰম্ভ কৰে। এই সময়ত দ-মাটিৰ বাবে বাওঁ ধান সিঁচা হয়।

অসমীয়া লোক-সংস্কৃতিঃ
কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল।

উৎসৱঃ
উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি। উৎসৱৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ লোকৰ মাজত সমন্নয় গঢ়ি উঠাৰ লগতে উচ্চ সংস্কৃতি-নিম্ন সংস্কৃতিৰ আন্তঃসম্পৰ্কও গঠন হয়।

বগীবিল দলংবগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং৷ ১৯৯৭ চনৰ ...
17/02/2019

বগীবিল দলং

বগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং৷ ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলঙৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পিছত ২০০২ চনত সেই সময় ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে৷ ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ'ব৷ দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ থাকিব৷

বগীবিল দলং: বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে

বহন কৰে: তিনি লেনযুক্ত পথ, দুই লেনযুক্ত ৰেলপথ

স্থানীয়: ধেমাজী জিলা আৰু ডিব্ৰুগড় জিলা, অসম, ভাৰত

ডিজাইন: Truss bridge

পদাৰ্থ: ষ্টিল, কংক্ৰিট

মুঠ দৈৰ্ঘ্য : ৪.৯৪ কিমি

Longest span : ১২৫ মিটাৰ

Number of spans : ৪২

নিৰ্মাণ আৰম্ভ হয়: ২১ এপ্ৰিল ২০০২

নিৰ্মাণ শেষ হয়: ২০১৮

মুকলি : ২৫ ডিচেম্বৰ ২০১৮

নিৰ্মাণৰ অগ্ৰগতি:-

২০০০ চনত মেছাৰ্ছ ৰে'ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক'নমিক ছাৰ্ভিচেজে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম-কাজ আৰম্ভ কৰা হয় ৷ পৰিকল্পনা অনুসৰি ২০১৮ চনত প্ৰকল্পটোৰ সকলো কাম শেষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ ২০১৮ ত দলং ৰ শুভ উদ্ধোধন কৰে ৷

দলঙৰ নাম বিতৰ্ক:-

বৰ্তমান দলংখনৰ নাম 'বগীবিল দলং' বুলিয়েই পৰিচিত যদিও এই দলংখনৰ নামকলৈ বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে৷ অসমৰ বহুকেইটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজৰিত উপৰিপুৰুষৰ নামেৰে দলংখনৰ নামকৰণ কৰিবলৈ দাবী জনাইছে৷ এই ক্ষেত্ৰত চুতীয়াসকলে বীৰাংগনা নাৰী সতী সাধনীৰ স্মৃতিত 'সতী সাধনী সেতু', আহোমসকলে চাওলুং ছুকাফাৰ স্মৃতিত 'ছুকাফা সেতু', মিচিং জনগোষ্ঠীয়ে 'ছহিদ কমলা মিৰি সেতু' বা 'মিৰি জিয়ৰী সেতু', দেউৰীসকলে 'ভীমবৰ দেউৰী সেতু', সোণোৱাল কছাৰীসকলে 'সলালী সেতু', মুছলমানসকলে 'আজান পীৰ সেতু', আদি অনেক নামেৰে নামকৰণ কৰাৰ দাবী তুলিছে৷ আনহাতে নিৰপেক্ষভাৱে বহুতে 'শংকৰ-মাধৱ সেতু', 'কুলাজান-বগীবিল সেতু', 'বৰলুইত সেতু' আদি নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ কৰিছে৷

তথ্য সংগ্ৰহ:-(অসমীয়া ৱিকিপিডিয়া)

শিৱদৌল
18/11/2018

শিৱদৌল

জন্মাষ্টমীজন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी janmāṣṭamī) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন...
02/09/2018

জন্মাষ্টমী

জন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी janmāṣṭamī) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।

এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়। কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়।ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য'ত কেইবাজনো ল'ৰা মিলি উখ ঠাইত বন্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।

কিংবদন্তী

কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্মৰ তাৰিখ হৈছে খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যুৰ দিন খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী। কৃষ্ণ মথুৰাৰ যাদৱ সকলৰ বৃষ্ণি ফৈদৰ লোক আছিল।

তথ্য সংগ্ৰহ:-(অসমীয়া ৱিকিপিডিয়া)

মানুহ বিহুগৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা ...
15/04/2018

মানুহ বিহু

গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে। ‘বিহুৱান’ বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে ‘বিহুৱান’ আখ্যা দিয়া হয়। আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্হা কৰা হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি(শ্লোকটি) লিখি দুৱাৰ মুখত বা ঘৰৰ চালত গুজি থোৱাৰ নিয়ম-

“ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে।”

তথ্য সংগ্ৰহ:-(অসমীয়া ৱিকিপিডিয়া)

গৰু বিহুবিহু অসমৰ জাতীয় উত্সৱ। উৰুকাৰ পিছতেই গো-দেৱতাৰ প্ৰতি বিশেষ সন্মান জনাই ব’হাগ বিহুৰ প্ৰথমটো দিন অসমীয়ালোকসকলে গ...
14/04/2018

গৰু বিহু

বিহু অসমৰ জাতীয় উত্সৱ। উৰুকাৰ পিছতেই গো-দেৱতাৰ প্ৰতি বিশেষ সন্মান জনাই ব’হাগ বিহুৰ প্ৰথমটো দিন অসমীয়ালোকসকলে গৰু বিহু ৰূপে পালন কৰি আহিছে। গৰু বিহুৰ লগত জড়িত বিভিন্ন নিয়ম ঠাইভেদে বিভিন্নৰূপে পৰিলক্ষিত হয়।

গৰু বিহুৰ মূল বৈশিষ্ট্য

গৰু বিহুৰ দিনাৰ মূল বৈশিষ্ট্য হ’ল- ঘৰৰ গোহালিৰ গৰুকেইটাৰ অপায়-অমংগল অবিহনে এটি সু-স্বাস্থ্ কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা।

গৰু বিহুৰ নিয়ম প্ৰথা

গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু আটোম-টোকাৰিকৈ গা ধুওৱা হয়। গৰুৰ গা ঘহিঁবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ পাছতে গৰুৰ গাত মাহ হালধিৰ মিহি মিশ্ৰন সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাও-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাও, বেঙেনা আদি ছটিওৱা হয়। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়-

লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু

নৈৰ পাৰৰ এই সমগ্ৰ কৰ্মৰাজিত গাৱৰ ডেকা-ডেকেৰী, শিশু-মহিলা সকলো উপস্থিত থাকে আৰু বিহুৰ এই প্ৰকৃত পৰিবেশটো যথেষ্ট মোহনীয় হৈ পৰে। এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰুবিহুৰে এটা নিয়ম। এইক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়-

দীঘলতিৰ দীঘল পাত, মাখি মাৰো জাত জাত
মাখিয়তীৰ মাখি পাত, মাখি মাৰো জাত জাত

ছাট এটিত থকা সকলো লাও-বেঙেনা গৰুলৈ নামাৰি কিছু অংশ ছাটটিতে ৰখা হয়। নিজৰ ঘৰৰ ছাট ঘৰলৈ ওভোটাই নানি ওচৰ-চুবুৰীয়াৰ সৈতে ছাট সলনি কৰাটোও গৰু বিহুৰে এটি নিয়ম। গোহালিৰ কোনোবা এক কোণত ছাটটি সযতনে সংৰক্ষন কৰা হয়। এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে। জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোঁসাইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম।

নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকিৰ কোণত লগোৱা গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগবান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়,

দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ ।
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ।।

সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘুৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাক দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাক দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰনৰ বেমাৰে আক্ৰমন কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।

গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি খাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰনি জনোৱা হয়।

বৰ্তমান যুগ আৰু গৰু বিহু

আধুনিকতাৰ ঢৌয়ে জগতৰ সকলো বস্তলৈকে পৰিৱৰ্তন কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত গৰু বিহুৰ লগত জড়িত বিভিন্ন নিয়ম-প্ৰথাৰ লেহেমীয়া পৰিৱৰ্তন স্বাভাৱিক। নৈপৰীয়া মানুহখিনিৰ বাহিৰে বাকী ৰাইজৰ বাবে নদীৰ পাৰলৈ নি গৰুক গা ধুওৱা একপ্ৰকাৰৰ অসম্ভৱ কথা। তেনেস্থলত গৰু বিহুৰ দিনা চোতালতে বিভিন্ন উপায়েৰে গৰুক স্নান কৰোৱা দৃশ্য এতিয়া অসমত সুলভ। আগৰ দৰে গাঁৱৰ সকলো ৰাইজ একলগ হৈ গৰুৰ গালৈ লাউ-বেঙেনা দলিওৱা দৃশ্য এতিয়া একেবাৰে বিৰল। সাম্প্ৰতিক যুগত ব্যস্ততাৰে ভৰা অসমৰ জনজীৱনত অসমীয়া ৰাইজে কিন্তু পাহৰা নাই গৰু বিহুৰ নীতি-নিয়মৰ কথা। ফলস্বৰুপে আজিও অটুট আছে তাহানিৰে পৰা চলি অহা গৰু বিহুৰ লগত জড়িত বিভিন্ন নিয়ম- প্ৰথা।

গৰুৰ বিহুৰ লগত জড়িত লোকবিশ্বাস

বিহুৰ লগত অসমীবা মানুহৰ নানান বিশ্বাস জড়িত হৈ আছে। বিহুৰ প্ৰথম দিনা অৰ্থাৎ গৰু বিহুৰ দিনা পুৱাই গৃহস্থই গৰু গোহালিটো চাই যদি গৰুকেইটা ঠিয় হৈ থকা দেখে তেন্তে সেই বছৰটোত বানপানী নহয় আৰু শুই থকা দেখিলে বানপানী হয় বুলি এক বিশ্বাস প্ৰচলিত আছে। ৰাতিপুৱা নিৰ্দিষ্ট সময় অনুসৰি গৰুৰ খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধিৰে নোৱাই ওচৰৰ নৈ, বিল, পুখুৰী আদিলৈ গা-ধুৱাবলৈ নিওঁতে দীঘলতিৰে খেদায় নিলে মাৰি-মৰক উপচক্ৰ গুচে বুলি বিশ্বাস কৰা হয়।

এই চাক আৰু দীঘলতি, মাখিয়তী অন্য এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱা হয়। তদুপৰি পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। তেনেকৈ থ’লে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰ বছৰটোৰ বাবে দেখা নিদিয়ে বুলি লোকে বিশ্বাস কৰে। চাকত ব্যৱহৃত বাঁহচটি আগমৰা হ’ব নালাগিব। আগমৰা বাঁহেৰে চাক সাজিলে গোহালিত গৰু নাবাঢ়ে বুলি বিশ্বাস আছে।

গৰু বিহুৰ দিনাই সন্ধিয়া নহৰু বটা পানী ঘৰৰ চাৰিওকাষে ছটিয়ালে বছৰটোলৈ সৰ্পভয় নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়।

সেইদৰে গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰাও অসমীয়া সমাজত আছে। লগতে গৰুৰ চাকত দিয়া লাও, বেঙেনা, হালধি, থেকেৰা আদিও খোৱা হয়। পুৰণি বিশ্বাস অনুসৰি এই এশ এবিধ শাক খালে বহু ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেইদিনাই নাহৰৰ পাতত ‘দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে’ -এই মন্ত্ৰটো লিখি ঘাইঘৰ কেইটাৰ চালত আৰু গোহালি ঘৰৰ চালত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়। এনে কৰিলে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত পৰাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস প্ৰচলিত আছে।

গৰু বিহুৰ দিনাই জেতুকা পিহি ঘৰৰ সকলোৱে লগায়। লগতে কেঁচা জেতুকাৰ ৰস অকন খোৱাৰো নিয়ম। এনে কৰিলে বছৰটোৰ বিভিন্ন ৰোগৰপৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়।

আবেলি গৰু উভতিবৰ সময়ত তুঁহগুড়ি, বিহলঙনি, জেটুলীপকা ধানখেৰ আদিৰে পদূলি মূৰত, চোতালত আৰু গোহালিৰ মুখত একোটাকৈ জাগ জ্বলোৱা হয়। মাখিয়তীৰে গৰুৰ গাত লাহে লাহে কোবোৱা হয় যাতে গৰুকেইটা মহ, দাঁহ, মাখি আদিৰপৰা বছৰটোলৈ ৰক্ষা পৰে। মাঘ বিহুৰ দিনা মাহ-কৰাই খোৱাৰ দৰে ব’হাগ বিহুৰ দিনাও আমৰ কলি, কঁঠালৰ মুচি, মচুৰ মাহ খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস প্ৰচলিত আছে। বিহুৰ দিনা পুৱাবেলা কণীযুঁজ, কড়ি খেলৰ যি পৰম্পৰা অসমীয়া সমাজত প্ৰচলিত আছে তাক উৰ্বৰতা বিশ্বাসৰ ভেটিতেই গঢ় লৈ উঠিছে বুলি ক’ব পাৰি।

তথ্য সংগ্ৰহ:-(অসমীয়া ৱিকিপিডিয়া)

দেউলফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ৷ বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰ...
01/03/2018

দেউল

ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ৷ বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে।[1] সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে। দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে৷

আৰম্ভণি:-

নক্ষত্ৰ গণনা অনুসৰি এই উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়৷ সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ আৰু চ'তৰ মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয়৷ চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়৷ দৌলোত্‍সৱৰ প্ৰথম দিনটোক "গোন্ধযাত্ৰা" বা বহ্নোৎসৱ বা গন্ধ, দ্বিতীয় দিনটোক "ভৰ দেউল" আৰু তাৰ পাছৰ দিনা "সুঁৱেৰী" বা "ফাঁকুৱা" বোলা হয়।

উৎসৱৰ বিৱৰণ:-

গোন্ধযাত্ৰা

গোন্ধযাত্ৰাৰ দিনা বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলত ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ টুপৰ চোতালত এটা মেজি সাজে৷ আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলিয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই অনা হয়৷ ইয়াৰ পিছত সন্ধিয়ালৈ গোসাঁইক (শ্ৰীকৃষ্ণ) গায়ন-বায়ন আৰু বৰঢুলীয়াৰে সৈতে ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে৷ প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক সাতপাক ঘূৰোৱা হয়৷ ইয়াক 'মেজি পুওৱা' বা 'মাঘ পুওৱা' বুলি কোৱা হয়৷ এই সময়তে চৌদিশ ঢোল, খোল, দবা, শংখ, ঘণ্টা আদিৰ শব্দৰ লগতে হোলীগীতৰ প্ৰতিধ্বনিয়ে মুখৰিত কৰে৷ লগতে চাৰিওফালে স্থানীয় আতচবাজী প্ৰদৰ্শন কৰা হয়৷

মেজিৰ জুইৰ চাৰিওফালে সাতপাক ঘূৰোৱাৰ পিছত গোসাঁইক পোনতে নি বৰপেটা সত্ৰৰ উত্তৰ-পশ্চিম দিশত থকা 'যোগমোহন গৃহ'ত এখন শৰাইত ৰখা হয়৷ তাৰ পিছত নক্ষত্ৰ গণনা অনুসৰি গোসাঁইক এক শুভ ক্ষণত দৌলত আৰোহণ কৰা হয়৷ ইয়াতো গায়ন-বায়ন, বৰঢুলীয়াৰে আৰু ভক্তসকলৰ জয়ধ্বনিৰে গোসাঁইক দৌলত সাতোতা চিৰিৰে সাতপাক ঘূৰাই দৌলৰ ভিতৰৰ সুসজ্জিত দোলাত স্থাপন কৰা হয়৷ ৰাতিলৈ সেৱা-কীৰ্ত্তন আৰু যাত্ৰাভিনয় কৰা হয়৷

ভৰদৌল

গন্ধৰ পিছৰ দিনাখন ভৰদৌল৷ সেই দিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপুসকলে প্ৰসংগৰ পিছত বংশৰা বা হাটী গোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা 'পুৱাৰ গীত' আৰু ললিতা ৰাগৰ 'যশোমতী পেখিতে নয়ন জুৰাই' গীতটো গায়৷

সুঁৱেৰী

ভৰদৌলৰ পিছদিনা ফাকুৱা বা হোলী৷ স্থানীয়ভাৱে ফাকুৱাক ইয়াত 'সুঁৱেৰী' বা 'সৌৰী' বোলা হয়৷ সেইদিনা ফাকু গুৰি ছটিয়াই সকলোৱে আনন্দ কৰে৷ ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰ পৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়৷ সুঁৱৰীৰ দিনা আৱেলি পুনৰাই গোসাঁইক মঠৰ চোতাললৈ আনি পূজা কৰা হয়৷ ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়ে৷ তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়৷ ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়াই৷ ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ অনা হয়৷ ইয়াৰ পিছতে সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত 'বাঁহ ভঙা' কাৰ্য্য অনুষ্ঠিত কৰা হয়৷ ইয়াৰ পিছত পুনৰ গোসাঁই মণিকূটত প্ৰৱেশ কৰে আৰু দেউল উৎসৱৰ সামৰণি পৰে৷

২০১৩ চনত এই উৎসৱ ২৬ মাৰ্চৰপৰা ২৮ মাৰ্চলৈকে তিনিদিনীয়াকৈ পালন কৰা হৈছে।

তথ্য সংগ্ৰহ:-(অসমীয়াৱিকিপিডিয়া)

Address

তিনিচুকীয়া(অসম)
Ledo
786182

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া সংস্কৃতি The Assamese Culture posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category