Al-Balagh

Al-Balagh Assalamu Alaikum wa rahmatullah
is page me appko har tarah ki sohih baten. amin

quran karim.ahadis.naate rasul.boyan.sob milega ummid hi ke ap hamare sat denge allah hamari mehnot ko qabul kore.

 #ইয়াওমে_আৰাফাৰ_গুৰুত্ব_আৰু_ফযিলতঃপৱিত্ৰ যিলহাজ্ব মাহ চলি আছে। আজি যিলহাজ্বৰ ৮ তাৰিখ। অহা কালি ১৬ই জুন ৰবিবাৰ হ'ল ৯ই যিল...
15/06/2024

#ইয়াওমে_আৰাফাৰ_গুৰুত্ব_আৰু_ফযিলতঃ
পৱিত্ৰ যিলহাজ্ব মাহ চলি আছে। আজি যিলহাজ্বৰ ৮ তাৰিখ। অহা কালি ১৬ই জুন ৰবিবাৰ হ'ল ৯ই যিলহাজ্ব অৰ্থাৎ আৰাফাৰ দিন।
যিলহজ্ব মাহৰ ৯ তাৰিখক"ইয়াওমে আৰাফা"বা আৰাফাৰ দিন বুলি কোৱা হয়।যিলহজ্জ মাহৰ ৯ তাৰিখ সূর্যোদৰ পৰা সূর্যাস্ত লৈকে আৰাফাৰ ময়দানত চিহ্নিত সীমাৰেখাত অৱস্থান কৰা হজ্বৰ প্রধান ৰুকন।

এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ ও মর্যাদাপূর্ণ। এই দিনৰ গুৰুত্ব ও ফযীলত সম্পর্কে চমুকৈ আলোচনা কৰা হ’ল।-
#আৰাফাহ_দিৱসৰ_মর্যাদাঃ

(১) এই দিনটোতে ইছলামৰ ধর্মৰ পূর্ণতা লাভ ও বিশ্ব মুছলিমসকলৰ প্রতি আল্লাহৰ নিয়া‘মতৰ পৰিপূর্ণতা প্রাপ্তিৰ দিন।
এই সম্পৰ্কে হাদীছত আহিছেঃ-

عَنْ طَارِقِ بْنِ شِهَابٍ عَنْ عُمَرَ بْنِ الْخَطَّابِ أَنَّ رَجُلاً مِنَ الْيَهُودِ قَالَ لَهُ يَا أَمِيرَ الْمُؤْمِنِينَ، آيَةٌ فِى كِتَابِكُمْ تَقْرَءُونَهَا لَوْ عَلَيْنَا مَعْشَرَ الْيَهُودِ نَزَلَتْ لاَتَّخَذْنَا ذَلِكَ الْيَوْمَ عِيدًا. قَالَ أَىُّ آيَةٍ قَالَ (الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِى وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا). قَالَ عُمَرُ قَدْ عَرَفْنَا ذَلِكَ الْيَوْمَ وَالْمَكَانَ الَّذِى نَزَلَتْ فِيهِ عَلَى النَّبِىِّ صلى الله عليه وسلم وَهُوَ قَائِمٌ بِعَرَفَةَ يَوْمَ جُمُعَةٍ.

‘তাৰিক বিন শিহাব (ৰহঃ) ৰ পৰা বর্ণিত, এজন ইহুদী লোকে ওমৰ(ৰাঃ)-ক ক'লে, হে আমীৰুল মু'মিনীন! আপোনালোকৰ কিতাবত আপোনালোকে এনে এটি আয়াত তিলাওয়াত কৰি থাকে যদি সেই আয়াতটো আমাৰ প্রতি অৱতীর্ণ হ’লহেতেন তেতিয়া হ'লে আমি সেই দিনটোক ঈদ হিচাপে উদযাপন কৰিলোহেতেন। তেওঁ ক'লে, সেই আয়াত কোনটো? লোকজনে ক'লে, আয়াতটো হ’ল-اَلْيَوْمَ أَكْمَلْتُ لَكُمْ دِيْنَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِيْ وَرَضِيْتُ لَكُمُ الْإِسْلاَمَ دِيْنًا
(ছূৰাঃমা-ইদাহ আয়াত নং ৩)।

ওমৰ (ৰাঃ) এ এই কথা শুনি ক'লে, মই অৱশ্যই জানো যে কেতিয়া সেয়া অৱতীর্ণ হৈছে আৰু ক'ত অৱতীর্ণ হৈছে আৰু অৱতীর্ণ হোৱাৰ সময়ত ৰাছূলুল্লাহ (ﷺ) এ ক'ত আছিল। সেই দিনটো হ’ল জুম‘আৰ দিন। তেওঁ সেই দিনা আৰাফাৰ ময়দানত থিয় হৈ আছিল’।
(বুখাৰী হাদীছ নং ৪৫,৪৪০৭, ৪৬০৬, ৭২৬৮;)

(২) এই দিনটো হ’ল ঈদৰ দিন সমূহৰ এটা দিন। আবু উমামাহ (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওয়া ছাল্লাম-এ কৈছে,

يَوْمُ عَرَفَةَ وَيَوْمُ النَّحْرِ وَأَيَّامُ التَّشْرِيْقِ عِيْدُنَا أَهْلَ الإِسْلاَمِ وَهِىَ أَيَّامُ أَكْلٍ وَشُرْبٍ-

‘আৰাফাহ দিৱস, ক্বুবানীৰ দিন ও আইয়্যামে তাশ্বৰীক (ক্বুবানী পৰৱর্তী তিনি দিন) আমাৰ ইছলামৰ অনুসাৰী সকলৰ ঈদৰ দিন। আৰু এই দিনসমূহ খোৱা-বোৱাৰ দিন’।
(আবু দাউদ হাদীছ নং ২৪১৯)

(৩) হজৰত ওমৰ (ৰাঃ) ৰ পৰা বর্ণিত হাদীছৰ ব্যাখ্যাত ইবনে আব্বাছ (ৰাঃ)এ কৈছে, ছূৰাঃ মা-ইদাৰ(৩ নং) এই আয়াতটো নাযিল হৈছে দুইটা ঈদৰ দিনত। সেয়া হ’ল জুম‘আৰ দিন ও আৰাফাৰ দিন।

(ছহীহ জামি‘ তিৰমিযী, হাদীছ নং২৪৩৮)

#আৰাফাহ_দিনৰ_ফযীলতঃ
আৰাফাহ দিৱসৰ বিভিন্ন ফযীলত আছে। তাৰ মাজত উল্লেখযোগ্য মাত্ৰ এটা ফযীলত দাঙি ধৰা হ'ল যেনে-

(১) #আৰাফাহ_দিনৰ_ৰোযা_দুই_বছৰৰ_গুনাহৰ_কাফফাৰাঃ

ৰাছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওয়া ছাল্লাম-এ কৈছে,
صِيَامُ يَوْمِ عَرَفَةَ، أَحْتَسِبُ عَلَى اللهِ أَنْ يُكَفِّرَ السّنَةَ الّتِي قَبْلَهُ، وَالسّنَةَ الّتِي بَعْدَهُ

আৰাফাৰ দিনৰ (৯ যিলহজ্বৰ) ৰোযাৰ বিষয়ে মই আল্লাহ'ৰ ওচৰত প্রত্যাশা কৰোঁ যে, (ইয়াৰ দ্বাৰা) আগৰ এক বছৰৰ আৰু পিছৰ এক বছৰৰ গুনাহসমূহ ক্ষমা কৰি দিব।
(মুছলিমঃহা/১১৬২,তিৰমিযীঃহা/৭৪৯ ইবনে মাজাহ হা/১৭৩০)

#বিদ্ৰঃ জানি ৰখা ভাল,
উক্ত হাদীছত বর্ণিত ইয়াওমে আৰাফা দ্বাৰা যিলহাজ্বৰ ৯ তাৰিখ উদ্দেশ্য। এই তাৰিখৰ পাৰিভাষিক নাম হৈছে ইয়াওমে আৰাফা। কিয়নো এই ৰোজা আৰাফাৰ ময়দানৰ আমল নহয় বৰং আৰাফাৰ দিন তো হাজ্বী সকলৰ বাবে ৰোযা নৰখাই মুস্তাহাব। আবু দাউদৰ বর্নাটি লক্ষ কৰক,

‎ عَنْ أُمِّ الْفَضْلِ بِنْتِ الْحَارِثِ، أَنَّ نَاسًا، تَمَارَوْا عِنْدَهَا يَوْمَ عَرَفَةَ فِي صَوْمِ رَسُولِ اللَّهِ صلى الله عليه وسلم فَقَالَ بَعْضُهُمْ هُوَ صَائِمٌ ‏.‏ وَقَالَ بَعْضُهُمْ لَيْسَ بِصَائِمٍ ‏.‏ فَأَرْسَلَتْ إِلَيْهِ بِقَدَحِ لَبَنٍ وَهُوَ وَاقِفٌ عَلَى بَعِيرِهِ بِعَرَفَةَ فَشَرِبَ

আল-হাৰিছ কন্যা উম্মুল ফাদল (ৰাঃ) ৰ পৰা বর্ণিতঃ
আৰাফাৰ দিন ৰাছূলুল্লাহ (ছল্লাল্লাহু ‘আলাইহি ওয়া ছাল্লাম)এ ছওম পালন কৰিছে নে নাই এই লৈ কিছুমান লোকে তাৰ ওচৰত বিতর্ক কৰে। তেওঁলোকৰ কোনোবাই ক'লে, তেওঁ ছওম ৰাখিছে, আকৌ কিছুমানে ক'লে, তেওঁ ছওম ওম ৰখ নাই। সেয়ে মই তাৰ ওচৰত এক পিয়ালা গাখীৰ পঠালো, তেতিয়া তেওঁ তাৰ উটৰ পিঠিৰ উপৰত আৰাফাত অৱস্থান কৰিছিল। তেওঁ গাখীৰ খিনি পান কৰিলে।
(ছূনানে আবু দাউদ, হাদিছ নং ২৪৪১)

আৰাফাৰ দিন আল্লাহৰ ৰাছূল ছল্লাল্লাহু আলাইহি ওয়া ছাল্লাম-এ ৰোযা ৰখা নাই। এই কাৰণেই ফুক্বাহায়ে কেৰাম সকলে হাজ্বী সকলৰ বাবে আৰাফাৰ দিন ৰোযা নৰখা উত্তম বুলি কৈছে।

واللہ أعلم بالصواب

ক্বুৰবানীৰ মাছআলা। البلاغ  ালাগ্ব, ,  ,  Qurbani
03/06/2024

ক্বুৰবানীৰ মাছআলা। البلاغ ালাগ্ব, , , Qurbani

ক্বুৰবানী নকৰাৰ পৰিণাম @আল-বালাগ্ব, , #البلاغ
03/06/2024

ক্বুৰবানী নকৰাৰ পৰিণাম @আল-বালাগ্ব, , #البلاغ

17/02/2023

Rohmot nogor jolsa

16/02/2023

অ মদিনাৰ মাটিৰে

27/11/2022

অসমৰ জনপ্ৰিয় ক্বাৰী মাছউদুল হক চাহাবৰ কন্ঠত,তিলাৱতে কালাম পাক। -Balagh

22/10/2022

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Al-Balagh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share