Social Outlet

Social Outlet Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Social Outlet, Camera/Photo, Pancharatna Road Kumripara, Goalpara.

বিশ্বাস বহুতে ভাঙিছে
আঘাটো বহুতে দিছে,
কিন্তু মিছাকৈ হ’লেও মুখত
এটা হাঁহি লৈ, সকলোকে মাফ কৰি গৈছোঁ ।

for shopping then click below ⬇️

https://amzn.to/3STa1Rw

14/02/2026
31/10/2025

Amazing


16/10/2025

Beautiful Assam

15/10/2025
14/10/2025

দেউতাকে PM kissan ৰ 2000 টকা ,মাকে অৰুণোদয় আঁচনিৰ 1250+LPG 250 টকা, ভনীয়েকে স্কুটী,কলেজ হোষ্টেলৰ খৰচ আৰু পুতেকে নিজে স্বয়ম আঁচনিৰ টকা পাই ৷
লগতে পৰিয়ালৰ সকলে ৰেচন কাৰ্ডৰ চাউলৰ গৰম ভাত খাই এতিয়া আৰু Income কৰাৰ কোনো ইচ্ছা নাই (!)

14/10/2025

এটাই বাস্তব

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য=================================লেখক:: দিলী...
16/08/2025

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য
=================================
লেখক:: দিলীপ কুমাৰ ৰয়
============================
ভাৰতবৰ্ষত বিশেষকৈ দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/ উন্মোচন কৰা হয় । সেই বিশেষ দিন দুটা হ'ল ১৫ আগষ্টৰ স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ দিৱস । প্ৰথমটোক ইংৰাজীত Independence Day আৰু দ্বিতীয়টোক Republic Day বুলি কোৱা হয় ।
দুয়োটা দিনতে ৰাষ্ট্ৰীয় পতাকা যদিও সাধাৰণতে উত্তোলন কৰা বুলি কোৱা হয় তথাপি দুয়োটা দিনৰ পতাকা উত্তোলন একে ধৰণৰ নহয় আৰু উত্তোলনৰ অৰ্থও একে নহয় ।
প্ৰথম কথা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত পতাকাখন তলতে সামৰি বা নুৰাই লৈ বান্ধি থোৱা হয়৷ উত্তোলনৰ সময়ত ক্ষীপ্ৰ গতিৰে ওপৰলৈ নি তৎক্ষণাৎ খুলি দিয়া হয় । ইংৰাজীত ইয়াক Flag hoisting বুলি কোৱা হয় । ইয়াক প্ৰকৃততে ধ্বজ আৰোহণ বা ধ্বজ উত্তোলন বুলি কয়। কাৰণ ১৫ আগষ্টতে প্ৰথমবাৰ চৰকাৰীভাৱে বৃটিছৰ পতাকা নমাই ভাৰতৰ পতাকা আৰোহণ কৰা হৈছিল । উত্তোলন বা আৰোহনৰ অৰ্থ হ'ল ভাৰতবৰ্ষই যুঁজি যুঁজিহে স্বাধীনতা লাভ কৰিছে বা ৰামজখলাৰ প্ৰোন্নত স্থানত উপনীত হ'ব পাৰিছে ।
আনহাতে গণৰাজ্য দিৱসত পতাকাখন একেবাৰে ওপৰত সামৰি বা নুৰাই বান্ধি থোৱা হয় আৰু ওপৰতেই খলি বা মেলি দিয়া হয় । ইয়াক উত্তোলন বা আৰোহন নুবুলি উন্মোচন বুলি কোৱা হয় । ইংৰাজীত Flag unfurl বুলি কোৱা হয় । ইয়াৰ অৰ্থ এই দিনটোত আমি নিজা সংবিধান মতে সকলো প্ৰজা অনুশাসিত হওঁ আৰু আমি কাৰো অধীন নহয় । অৰ্থাৎ আমি প্ৰজা হিচাবে মুক্ত আৰু নিজে নিজক শাসন কৰিম । মুক্ত অৰ্থ বুজাবলৈ পতাকাখন কেৱল মেলি দিয়া বা উন্মোচন কৰাহে হয় । উন্মোচন শব্দৰ অৰ্থ মুকলি কৰা । উল্লেখ্য যে ১৯৪৯ চনৰ ২৬ নবেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয় ।‌ সেইদিনাৰ পৰাই ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য Sovereign Democratic Republic ৰূপে ঘোষণা কৰা হৈছে।‌ সেই বাবেই ২৬ জানুৱাৰী তাৰিখটোক গণতন্ত্ৰ দিৱস হিচবে প্ৰতি বছৰে পালন কৰা হয় ।

দ্বিতীয় কথা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ত PM (Head of the govt.)-এ Red Fort-ত আৰু ৰাজ্যিক পৰ্যায়ত CM-এ নিজৰ নিজৰ ৰাজধানীত ধ্বজাৰোহণ বা পতাকা উত্তোলন কৰে। এইদিনা ৰাষ্ট্ৰপতি (Constitution Head) আৰু ৰাজ্যপালে (for state level) ক’তো পতাকা উত্তোলন নকৰে। কাৰণ ২৬ জানুৱাৰী ১৯৫০ চনৰ আগলৈকে ভাৰতত সংবিধান নাছিল৷
আনহাতে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যপালে নিজ ৰাজধানীত পতাকা উন্মোচন কৰে ৷ ইংৰাজীত ইয়াক flag unfurl বুলি কয় । সেইদিনা প্ৰধানমন্ত্ৰী আৰু একেদৰে ৰাজ্যবোৰত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন নকৰে । কাৰণ সংবিধান মতে সেই দিনটোৰ পৰাহে সংবিধান মতে প্ৰজাসাধাৰণ শাসিত হয় আৰু সংবিধানৰ মুৰব্বী ৰাষ্ট্ৰপতিহে ।
তৃতীয় কথা প্ৰতিবাৰে উত্তোলন / উন্মোচন কৰাৰ লগে লগে দেশৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় সংগীত National Anthem পৰিবেশন কৰা হয় । এই সময়ত ৰাষ্ট্ৰীয় পতাকাক অভিবাদন বা চেল্যুট দিয়া নিয়ম । কিন্তু ৰাষ্ট্ৰীয় পতাকা অবিহনে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলে অভিবাদন বা চেল্যুট দিয়া নিয়ম নাই ।

চতুৰ্থতে উত্তোলন / উন্নোচন কাৰ্য্য ক্ষিপ্ৰ আৰু পতাকা নমোৱা কাৰ্য ধীৰে ধীৰে কৰা হয় ৷ এই সময়ত ৰাষ্ট্ৰীয় সংগীত গোৱা নহয় ।

Copy

Address

Pancharatna Road Kumripara
Goalpara
NA

Website

Alerts

Be the first to know and let us send you an email when Social Outlet posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category