08/05/2026
অসমৰ বাবে গৌৰৱৰ খবৰ ...
মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু মাৰ্গদৰ্শনত অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আজি এক অনন্য মাত্ৰা লাভ কৰিছে। আমাৰ চৰকাৰৰ নিষ্ঠা আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলস্বৰূপে অসমে 'ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা–২০২৫' ৰ অধীনত ৩ (তিনি) টাকৈ সন্মানীয় ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
বঁটা লাভ কৰা পঞ্চায়তসমূহৰ সবিশেষ তলত আগবঢ়ালোঁ:
✅ নানাৰ্জী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ–২০২৫ ৰ অধীনত ১.৫০ কোটি টকাৰ বঁটা
👉 শ্ৰেষ্ঠ গাঁও পঞ্চায়তঃ নিউ নপাম গাঁও পঞ্চায়ত, শোণিতপুৰ।
✅ দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ–২০২৫ ৰ অধীনত ৭৫ লাখ টকা বঁটা
👉 স্বচ্ছ আৰু সেউজ পঞ্চায়তঃ জুমৰমূৰ গাঁও পঞ্চায়ত, নগাঁও।
👉 স্বনিৰ্ভৰশীল আন্তঃগাঁথনিঃ হুগ্ৰীজান গাঁও পঞ্চায়ত, ডিব্ৰুগড়।
এই সাফল্যই আমাক অতিকৈ আহ্লাদিত কৰিছে। বিজয়ী পঞ্চায়তসমূহৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক আৰু ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
শ্ৰী ৰণজিৎ কুমাৰ দাস
মন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ ।