16/02/2022
জীৱন কি ? জীৱনৰ অর্থ কি ?
জীৱন এক সংগ্ৰাম ।এক গতানুগতিক ব্যস্ততা ।
কোনোবাই ত্যাগ কৰে , কোনোবাই গ্ৰহণ কৰে ,
কোনোবাই হৃদয়ৰ পাত লুটিয়াই লিখে সোণালী ইতিহাস ।
এয়াইটো জীৱন ।জীৱনৰ সম্পর্কে বিভিন্নজনৰ ভিন্ন
মত ।জীৱন এখন নদী ।
কেতিয়াবা বহল ,কেতিয়াবা গভীৰ ,কেতিয়াবা ৰুক্ষ আৰু
কেতিয়াবা কোমল ।অজান ইয়াৰ চৰিত্ৰ ।কিন্তু নদীৰ
দৰে জীৱনে নিজে নিজৰ বাট উলিয়াই গৈ থাকে ,তাত
কাৰো হাত নাথাকে ।আপেক্ষিকভাৱে কেৱল সুখ আৰু
দুখৰ আঁচ থাকি যায় জীৱনত ।প্ৰকৃত অর্থত জীৱন এক
সংগ্ৰাম ।সত্পথত চলা জনে জীৱনৰ প্ৰকৃত সত্য
দেখা পায় আৰু তেওঁৰ জীৱনৰ কাঁইটীয়া বাত অতিক্ৰম
কৰি মাণিক বিচাৰি পাবলৈ সক্ষম হয় ।
সকলো মানুহেই খাই বৈ জীয়াই থাকে ।কিন্তু খাই
বৈ জীয়াই থকাটোৱেই জীৱন হ’ব নোৱাৰে ।বর্তমান
যুগত মানুহ সকলো বস্তুৰে অধিকাৰী হ’ব লাগিব ।
নোপোৱাটো পাবলৈ ,নজনাটো জানিবলৈ মানুহে অসাধ্য
সাধন কৰিব লাগিব ।অৱশ্যে মানৱীয় গুণেৰেহে মানুহে এই
কাম কৰিব লাগিব ।ধন ,সোণ এই ক্ষেত্ৰত সম্পূর্ণ
ব্যতিক্ৰম ।কেৱল ধন সোণেই মানুহৰ সকলো হ’ব
নোৱাৰে ।মানুহৰ মাজত মানৱ সমাজত সকলোৰে মাজত
মিলা প্ৰীতিৰ এনাজৰীডাল নাথাকিলে মানৱীয় গুণসমূহৰ
অৱক্ষয় ঘটিলে কেৱল ধন সোণেই মানহক এক
সুখী জীৱন দিব নোৱাৰে ।
নিজৰ জীৱনক ভাল পাবলৈ হ’লে প্ৰথমে ভাল পাব
লাগিব মানুহক ।প্ৰত্যেকজন মানুহৰে সার্বজনীন
আৱেগ-অনুভূতি ,সুখ-দুখবোৰ
সহৃদয়তাৰে উপলব্ধি কৰিব লাগিব ।তেতিয়াহে জীৱনৰ
প্ৰকৃত সত্য কি তাক বুজি পায় আৰু এখন সভ্য সমাজ
তথা দেশ গঢ়ি তাক প্ৰগতিৰ পথত আগুৱাই নিব পাৰিব ।
মুঠতে জীৱন এনে এক প্ৰক্ৰিয়া যাৰ অর্থ কৈ শেষ
কৰিব নোৱাৰি ।যাক বহু সময়ত আনকি মৃত্যুৰ সময়ৰ
লৈকেও জানি বুজি শেষ কৰিব নোৱাৰি ।জীৱন এক
ৰহস্যময় , চলনাময় প্ৰাণস্পন্দন ,জীৱন এক অন্তর্হীন
জিজ্ঞাসা ।জীৱনটো হ’ল অসাৰ ।
প্ৰয়োজনো নাই ,তথাপি আছোঁ জীয়াই ………..।