BJP North Kamrup District

BJP North Kamrup District Bharatiya Janata Party, North Kamrup District 2025.

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সভাপতি, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱৰ পবিত্ৰ পুণ্যতিথি...
16/08/2026

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সভাপতি, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱৰ পবিত্ৰ পুণ্যতিথি উপলক্ষে মহীৰূহ গৰাকীলৈ শতকোটি প্ৰণিপাত জনায় গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

15/08/2026

আজি দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱসত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খানাপাৰাত পতাকা উত্তোলন কৰাৰ গৌৰৱময় ক্ষণ।

15/08/2026
15/08/2026

আজি খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে, "২০২৬ৰ পৰা ২০৩১ চনৰ ভিতৰত আমি আন্ত:গাঁথনি উন্নয়নৰ বাবে ডেৰ লাখ কোটি টকা ব্যয় কৰাৰ বৃহৎ সংকল্পৰ আমি আগবাঢ়িম৷"

15/08/2026
15/08/2026

"ছা়ত্ৰ-ছাত্ৰীসকল মোৰ বাবে জেন জি বা জেন আলফা নহয়৷ তেওঁলোক মোৰ বাবে পুত্ৰ-কন্যাহে৷ আৰু তেওঁলোকৰ সৰ্বাংগীণ বিকাশৰ বাবে আমি আজি এটি ৰাজ্য চৰকাৰৰ বিভাগ খুলিবলৈ আগবাঢ়িছোঁ৷"

-খানাপাৰাত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।

🇮🇳৮০ সংখ্যক স্বাধীনতা দিৱস আজিৰ এই পৱিত্ৰ দিনটোত ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয়ত ৰ...
15/08/2026

🇮🇳৮০ সংখ্যক স্বাধীনতা দিৱস

আজিৰ এই পৱিত্ৰ দিনটোত ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া অগণন বীৰ শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰি, দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু উন্নয়নৰ বাবে নিজকে উৎসৰ্গ কৰাৰ সংকল্প লোৱা হয়।

বন্দে মাতৰম 🇮🇳
ভাৰত মাতা কি জয় 🇮🇳

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP North Kamrup District

14/08/2026

শেহতীয়াকৈ কমনৱেলথ গেমছ-২০২৬ত ৰূপৰ পদক অৰ্জন কৰি আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক আজি মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাক্ষাৎ কৰি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

ভাৰতৰ গৌৰৱ অসম কন্যা গৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুটা জাৰ্চি প্ৰদান কৰে।

ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাত বিভাজন বিভীষিকা স্মৃতি দিৱস জিলা সভাপতি শ্ৰীযুত ভাস্কৰ কলিতা ডাঙৰীয়াৰ উপস্থিতিত...
14/08/2026

ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাত বিভাজন বিভীষিকা স্মৃতি দিৱস জিলা সভাপতি শ্ৰীযুত ভাস্কৰ কলিতা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হয়।

ভাৰতৰ ইতিহাসৰ এক বেদনাদায়ক অধ্যায়—দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা অগণন নিৰীহ লোক, ঘৰ-বাৰী হেৰুৱাই শৰণাৰ্থী হোৱা পৰিয়াল আৰু অসহনীয় যন্ত্ৰণা ভোগ কৰা প্ৰতিগৰাকী ভাৰতীয়ক আজি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

এই স্মৃতি দিৱসে আমাক বিভাজনৰ সেই কৰুণ ইতিহাসৰ পৰা শিক্ষা লৈ জাতীয় ঐক্য, ভাতৃত্ববোধ আৰু অখণ্ড ভাৰতৰ চেতনাক অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।

📍স্থান: জিলা কাৰ্যালয়, বাইহাটা চাৰিআলি।

#বিভাজনবিভীষিকাস্মৃতিদিৱস

Himanta Biswa Sarma
Dilip Saikia
Bhaskar Kalita
BJP Assam Pradesh
BJP North Kamrup District

14/08/2026

১৪ আগষ্টঃ- বিভাজন বিভীষিকা স্মৃতি দিৱস!

১৪ আগষ্ট, ১৯৪৭ৰ দিনটোৱে ইতিহাসৰ সেই গভীৰ বেদনাৰ কথা সোঁৱৰাই দিয়ে, যিদিনা ভাৰত মাতৃৰ বিভাজন হৈছিল।

আজিৰ দিনটো সেই অগণন নিৰ্দোষ পৰিয়ালৰ ত্যাগ, যন্ত্ৰণা আৰু অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ দিন, যিসকলে দেশ বিভাজনৰ সময়ত জীয়াতু ভুগিব লগা হৈছিল।

আহক, তেওঁলোকৰ ত্যাগ আৰু সংগ্ৰামক স্মৰণ কৰি ভাৰতৰ শান্তি, একতা আৰু অখণ্ডতাক যিকোনো পৰিস্থিতিতে অটুট ৰখাৰ বাবে দৃঢ় সংকল্প গ্ৰহণ কৰোঁ।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when BJP North Kamrup District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BJP North Kamrup District:

Shortcuts

Share