Assamese Sad, Love, Romantic ,Emotional Quotes & Status

  • Home
  • Assamese Sad, Love, Romantic ,Emotional Quotes & Status

Assamese Sad, Love, Romantic ,Emotional Quotes & Status Please Like Share and Follow The Page For More Assamese Status Photos..

28/03/2023
25/03/2023

 #পঢ়ি_চাব_এবাৰ , মোৰ নিজৰ মনৰ অন্তৰ্নিহিত হৈ থকা ভাৱহে লিখিছোঁ ।      কথা খিনি সম্পূৰ্ণ ৰূপে কাল্পনিক, বাস্তৱতাৰ লগত কো...
12/10/2022

#পঢ়ি_চাব_এবাৰ , মোৰ নিজৰ মনৰ অন্তৰ্নিহিত হৈ থকা ভাৱহে লিখিছোঁ । কথা খিনি সম্পূৰ্ণ ৰূপে কাল্পনিক, বাস্তৱতাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই ।।

#আজিৰ_পৰা_কিছুবছৰ_পিছৰ_কথা :-

By :-

মই ১৯ ৰ পৰা ২৪ বছৰ বয়সৰ এই সময় খিনিত বহুতৰে প্ৰেমত পৰিছিলো , কাৰোবাৰ ভাল লাগিছিল , আৰু কাৰোবাক অন্তৰেৰে নিস্বাৰ্থভাৱে ভাল পাইছিলো।। কাৰোবাক হৃদয়ৰ ক্ষ্ৰিপ্ত কোনত‌ স্থান দিছিলো , কোনোবাই আকৌ মোৰ মনটোত আধিপত্য বিস্তাৰ কৰিছিল , কোনোবাই মোৰ লগত হয়টো সন্দেহৰ পাকত পৰি মাজে মাজে প্ৰায়েই কাজিয়া কৰিছিল , কোনোবাই আকৌ অভিমানৰ আৱৰণ পৰিহাৰ কৰি বহুদিন মোৰ লগত মৰমৰ বিনিময় কৰা নাছিল , কাৰোবাক হয়টো ভাগ্যৰ বলত পাই পলকতে হেৰুৱাই মনৰ ভেটি চিৰদিনৰ বাবে ধ্বংস হৈ পৰিছিল, কাৰোবাক হয়টো হেৰুৱাৰ পিছত চাৰিওফালে অন্ধকাৰে জীৱনটো চানি ধৰিছিল । কোনোবাই মোৰ হিয়াৰ অন্তৰত থাকি মোক ভিতৰে ভিতৰে জ্বলাই পেলাইছিল , কাৰোবাৰ মৰমে মোক পগলা কৰিছিল , আকৌ কোনো বিশেষে মোৰ সপোনত তেওঁৰ উপস্থিতি ৰখাই মোক ব্যাকুল কৰি তুলিছিল । আৰু কোনোবাই মোক মাজবাতত পেলাই ঠৈ মোৰ পৰা আতৰি গৈছিল ।।
কোনোবাই হয়টো তেওঁৰ তাত বিলীন হবলৈকেও বাধ্য কৰাইছিল, আৰু মইও তেওঁৰ ওচৰত মোৰ সমস্ত মৰম, চেনেহ, ভালপোৱা পৰিহাৰ কৰি সম্পূৰ্ণভাৱে বিলীন হৈছিলো ।।

দুখৰ সীমা নোহোৱা হৈ পৰিছিল , সুখ ৰ ঠিকনা বিচাৰি পোৱা নাছিলো ।।

কিন্তু , এতিয়া চোন সেইবোৰ সপোন সপোন‌ লাগে , অথচ মোৰ মনলৈ সেই সুবাসি , নিভাজ কথা বোৰ আহিবলৈ এৰিলে ! আগতে প্ৰায়ে ঘনাই ঘনাই মনলৈ আহি মোৰ সান্তি , আনন্দ ক থান বান কৰি , মোক দিশহাৰা কৰি পেলাইছিল । কিন্তু, এতিয়া চোন‌ সেইবোৰ কথাৰ কোনো উমানেই নোপোৱা হলো, চাগে মই সম্পূৰ্ণ ৰূপে পৰিপক্ক হৈ উঠিলো ।

সেই ১৯ ৰ পৰা ২৪ বয়সৰ ৰ সময় খিনি যঠেষ্ট পৰিমাণে বেয়া, বিশাদে আৱৰা আছিলে যদিও , ক'বলৈ গ'লে বহুত ভাল আছিল , কাৰণ বহুতো কথা শিকাইগৈছিল মোক জীৱনে , আচলতে জীৱন মানে কি ? জীৱনৰ অস্তিত্ব কি ?

তাৰোপৰি মৰম , ভালপোৱা যেন ক্ষন্তেকীয়া হয় সেইয়াও ভালদৰে শিকাই তুলিছিল জীৱনৰ কিছু আগভেতি ধৰা সত্তাই । কিন্তু , মই ভাগৰি পৰা নাছিলো , কাৰোবাক হয়টো নিজতকৈও বেছি ভাল পাইছিলো , বা হয়টো কাৰোবাৰ মৰমত অন্ধ হৈ পৰিছিলো ।।
বৰ্তমান চোন সেইবোৰ সপোন সপোন‌ লাগে, অথচ সেইবোৰ কথাই যেন কোনো কাহিনীৰ হে ভুমিকা লৈছে , এতিয়া আৰু সেইবোৰৰ মাজত আবদ্ধ হৈ থকা নাই , কাৰণ হয়টো মই পৰিপক্ক হৈ উঠিছো ।

এই কথাবোৰ বা ঘটনা বোৰ হয়টো কেৱল মোৰ লগতেই ঘটা নাই , হয়টো মোৰ দৰে বহু ত আছে , হয়টো কোনোবাই কাৰোবাক পাই হাহিছে , বা কোনোবাই কাৰোবাক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে । হয়টো কোনোবাই কাৰোবাক অনুপস্থিতিত নিজকে অকলশৰীয়া কৰি পেলাইছে , কিন্তু সকলোৱে যে সময়ৰ গতিত নিজকে সলনি কৰিছে এইটোহে আচল কথা ।।

কিছুদিন / কিছুমাহ/ কিছুবছৰ পাছতে হঠাতে মোৰ ঘৰত, মোৰ বিয়াৰ কথা ওলিয়ালে , সকলোৱে মোক লগ পালে আগেই সুধিবলৈ ধৰে । যে :- তোৰ কি হল অ্ , লগৰ বোৰে চোন তাহানিয়ে বিয়া পাতি ঘৰ সংসাৰ চলাই আছে , আৰু তই ?

কিন্তু, তেওঁলোকৰ প্ৰশ্নৰ সন্মুখত মই অবাক হৈয়ে ৰও , কাৰণ অতীতে মোৰ পিছ এৰিলেও এতিয়াও যেন অতীতৰ প্ৰভাব মোৰ তাত বাৰুকৈয়ে সন্নিহিত হৈ আছে তেওঁলোকেনো কেনেকৈ জানিব , বুজিব। অথচ মইনো কিয় প্ৰকাশ কৰিম তেওঁলোকৰ আগত যে মোৰ অতীত কিমান ভয়ংকৰ ।।

দিন পাৰ হৈ গৈ আছে মানে , এনে কিছুমান কথাই মোক বৰকৈ আমনি কৰিব ধৰিলে ।।

এনেতে ঘৰৰ পৰা এজনী ছোৱালী মোৰ বাবে চালে , এদিন ছোৱালী ঘৰৰ মানুহে আমাৰ ঘৰৰ মানুহ লগতে মোকো মাতিলে । আৰু এদিন যাবলৈ ওলালো , আৰু আমি তেওঁলোকৰ ঘৰত উপস্থিত হলো । আমাক সাদৰি লৈ গৈ ঘৰত বহিব দিলে, কিছুসময় পাৰ হোৱাৰ পাছত , ছোৱালী জনীয়ে চাহ লৈ আনিলে , আৰু তেবুলত দিলে , এনেতে দেউতাই মোৰ ফালে চাই মাত লগালে ।
দেউতা :- মাইনাই চাহ আনিছে চাহ ল্ ।

দেউতাই এনেকৈ কোৱাত মোৰ লাজ লাগিলে, আৰু এক অচিনা সিহৰণ জাগৃত হৈ পৰিল । কিন্তু , মই তাইৰ ফালে মই চাব পৰা নাই , নাজানো কি সিহৰণে মোক বিচলিত কৰি তুলিলে , মাথো তাইৰ মাতটো আৰু তাইৰ পায়েলৰ মাটতোহে শুনিব পাৰিছো ।।

তাই :- চাহ লওক ।

মই তাইৰ সুৱলা , ধুনীয়া মাটতোটেয়ে চাহ খোৱা যেন পালো , কিন্তু, মই তাইৰ ফালে এতিয়াও চোৱা নাই ।।

এনেতে মোলৈ এটা ফোন আহিল ,। লগে লগে মই বাহিৰলৈ গলো আৰু ফোনত ব্যস্তহৈ পৰিলোঁ , আৰু তেওঁলোকৰ তাত কিছুসময় থাকি ঘৰলৈ উভতি আহিলো ।। ঘৰৰ মানুহৰ মুখতো তাইৰ সৌন্দৰ্য, চৰিত্ৰ, গুণৰ কথা শুনিবলৈ পালো ।
তাই হেনো ৰূপে - গুনে উন্নত, মনটো অলপ ভাল লাগিল , হয়টো মোৰ মনেও তাইৰ দৰে এজনীয়ে বিচাৰি আছিলে , আনন্দত ভাষাহীন হৈ পৰিলোঁ , আৰু ঘৰৰ মানুহে মোক সুধিলে ।
: কেনেকুৱা দেখিলি তাইক ? মই একো উত্তৰ নিদিলো , কাৰণ মই কেৱল তাইৰ মাটতো হে শুনিছিলো । তাইৰ ফালে চোৱা নাছিলোঁ।।

এনেকৈয়ে দিনবোৰ বাগৰিব ধৰিলে , কিছুদিনৰ পিছতে সেইফালৰ পৰা মোৰ ঘৰলৈ ফোন আহিল আৰু কিবাকিবি কথা পাতি থাকোতে এনেতে বিয়াৰ দিন থিৰাং কৰাৰ কথা ওলালে । আৰু তেওঁলোকে এদিন মাতিলে । ।

আমাৰ ঘৰৰ ফালৰ পৰা এদিন কেইজনমান মানুহ গ'ল তেওঁলোকৰ ঘৰলৈ আৰু বিয়াৰ দিন বাৰ থিক কৰি থৈ আহিলে । কিন্তু, তেতিয়াও মই বিয়া পাতিবলৈ বা এজনী ছোৱালী ক নিজৰ কৰি লবলৈ মানসিক বাবে প্ৰস্তুত নাছিলো , ঘৰৰ কথা ৰাখিবৰ বাবে, আৰু মোক লগ পালে মোলৈ প্ৰশ্ন কৰা মানুহবোৰৰ কথাৰ বাবেহে মই প্ৰস্তুত হ'বলৈ বাধ্য হলো ।।

কিছুদিন যোৱাৰ পাছত আমাৰ বিয়া হল , মোৰ বিয়াৰ দিনা ঘৰ আৰু ঘৰৰ পৰিৱেশ ভিৰ ।। আলহী অতিথিৰ যে কিমান আনন্দ, আৰু মোৰ বন্ধু - বিন্ধবী বোৰো বহুদিন পাছত একেলগ হৈছে , তেওঁলোকেও মতবিনিময় কৰিছে ইজনে- আনজনৰ লগত , আৰু মই যেন তেওঁলোকক থৰ লাগি চাই ৰলো , আৰু মোৰ বন্ধু বোৰ চোন সকলোৱে নিজৰ পত্নীৰ লগত আহিছে মোৰ বিয়ালৈ তাকে দেখা পাই মোৰ বহুত ভাল লাগিল ।।

অৰ্থাৎ, বন্ধু বোৰৰ মাজত মই হে একমাত্ৰ বিয়া নপতা আছিলো , সকলোৱে হেনো বহুত দিনৰ পাছত লগ পাইছে তেওঁলোক কথা পটাত বহু ব্যস্ত হৈ পৰিল ।।।

আৰু মোৰ বিয়া ভালদৰেই হৈ গ'ল , বিয়াৰ পিছত এদিন তাই মোক প্ৰশ্ন কৰিলে ।।

তাই :- ঐ তুমি মোক ভালপোৱা ন ?
মই :- মই তোমাক বিয়া কৰাইছো কেৱল মোৰ ঘৰৰ মানুহৰ মোৰ প্ৰতি থকা চাপৰ বাবেহে , অথবা ঘৰৰ মানুহৰ কথাত তোমাক বিয়া কৰাবলৈ বাধ্য হৈ পৰিছিলো, কিন্তু মই তোমাক এতিয়াও মোৰ পত্নী ৰ স্থান দিব পৰা নাই , আৰু এতিয়া মই তোমাক মোৰ মৰম আৰু মোৰ ভালপোৱা দিবলৈকেও পৰা হোৱা । মই এতিয়াও তাইৰ ফালে চোৱা নাই । ।

তাই মোৰ কথা বোৰ শুনি কিছুসময় স্তব্ধ হৈ পৰিল , আৰু কিছুসময় পাছত মোক কলে ।

তাই :- যদি তুমি মোক পচন্দই নকৰা , যদি ভালেই নোপোৱা তেন্তে বিয়াৰ আগত কিয় নকলা। মোক কিয় বিয়া পাতিলা , মোৰ জীৱনটো কিয় ধ্বংস কৰিলা ।। এতিয়াই মোৰ কাষৰ পৰা আতৰি যোৱা আৰু অকলে থকাগৈ যোৱা , ভাল নোপোৱা মানুহৰ লগতনো কোন থাকে, যোৱা মোৰ লগত থাকিব নালাগে অকলে শোৱাগে ।।।

তাই খংত কোৱা কথাবোৰে মোৰ মুখত হাঁহি বিৰিঙাই তুলিলে , হ'লেও তাইৰ খং উঠিছে মোৰ কথা বোৰত , তাইৰ যাতে আৰু খং উঠিব নোৱাৰে তাৰ বাবেই মই মজিয়াত শুই পৰিলো আৰু কিছুসময় পাছত মই গভীৰ নিদ্ৰাত ।।

মাজৰাতি হঠাত শাৰ পালোঁ আৰু শাৰ পাই দেখিলোঁ যে :- মোৰ গাত কম্বল আৰি থোৱা আছে আৰু GOOD KNIGHT টোও দিয়া আছে ।। মই দেখা পাই ভাবিলো বাহ কি গুণৰ ছোৱালী বিয়া পাতি আনীলো মই মোৰ বাবে ইমান যত্ন, ইমান মৰম মোৰ প্ৰতি । কিন্তু মই তাইক কিয় আজিলৈকে চোৱা নাই , অথচ মোৰ মৰম বোৰ মই তাইক দিয়া নাই । মই আকৌ শুই পৰিলো আৰু পুৱা অলপ পলমকৈ শাৰ পালো , যদিও তেবুলৰ ফালে গৈ দেখিলো যে :- মোৰ বাবে একাপ চাহ প্লেটেৰে ঢাকোন দিয়া আছে , মই ব্ৰাছ কৰি আহি চাহ কাপ খালো ।
এনেতে তাই মোৰ কাষলৈ আহি ক'লে।
তাই :- ঐ মিষ্টাৰ বলা ঘৰৰ মানুহে ভাত খাবৰ বাবে ৰখি আছে তোমাৰ বাবে , বলা ।

মই :- নাখাও মই ভাত , ৰাতি কোনোবাই বিছনাত ধুনীয়া কৈ শুই মোক অকলে মজিয়াত শুবলৈ দি এতিয়া আকৌ মোক ভাত খাবলৈ মাতিব আহিছে , নিজে খোৱাগে যোৱা ।

তাই :- ৰাতি যে কোনোবাই মজিয়াত শুবলৈ পাই কাৰোবাৰ কথা পাহৰি গৈছে । কোনোবাই গোটেই ৰাতি কাৰোবাৰ বাবে টুপনি খতি কৰি তেওঁক ৰাখি থাকিব লগা হৈছে , কোনোবাই নো কিয় বুজিব, মোক ভাল পালেহে বুজিব সেইবোৰ কথা ।।

মই:- কিয় ৰখি থাকিব লাগে , নিজেই চোন কৈছিলা অকলে শোৱাগে বুলি ।

তাই :- কিয় নকম , মোক তো তুমি পচন্দ নকৰা ভাল নোপোৱা।

এনেকৈ কৈ তাই মোৰ কাষৰ পৰা আতৰি গ'ল । আৰু হঠাতে মোৰ মবাইলত NOTIFICATION এটা বাজি উঠিল , লগে লগেই মই ম'বাইল টো চালো আৰু দেখিলো যে WHATSAPP ত তাই মেচেজ দিছে ।

তাই :- ঐ যদি খাবলৈ নাহা তেন্তে তেবুললৈ লৈ যাও নেকি , তাত খাবা , ইমান অভিমান কৰিব লাগেনে ।

মই :- নালাগে ।

মই এনেকৈ কোৱাত তাই আকৌ মোৰ কাষলৈ আহি মোক কলে কিহৰ ধেমালি কৰিছা , নালাগে যোৱা মই ও নাখাও ।

তাইৰ মেচেজ, আৰু তাইৰ এনেবোৰ কথা শুনি মোৰ এনে লাগিল যেন তাই হয়টো মোক প্ৰথম দেখোতেই তাই মোৰ প্ৰেমত পৰিছে কিন্তু মই এতিয়াও তাইৰ প্ৰেমত পৰিব পৰা নাই ।।

আনহাতে, তাইমোক কৰা যত্ন, তাইৰ মোৰ প্ৰতি থকা অভিমান এইবোৰে ই যেন মোক তাইৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত কৰিব ধৰিলে, আৰু তাইক মই মোৰ কাষলৈ মাতিলো আৰু কলো ।

মই :- শুনাচোন ,

তাই :- অ কি হ'ল ,

মই:- একোতো হোৱা নাই ,কি হোৱা নো দেখিলা , তোমাক মাতিচোহে ,

তাই :- হয় নেকি ,

মই :- হয় ।

মই,:- কথা এটা কোৱা চোন‌ ?

তাই :- কি কথা , কোৱা চোন ?

মই:- তুমি যে মোৰ ওপৰত খং, অভিমান কৰা মোৰ যত্ন ও লোৱা কিয় নো ?

তাই :- তোমাৰ এইবোৰ কথাৰ উত্তৰ দিবলৈ মোৰ বাবে কঠিন প্ৰত্যাহ্বান স্বৰুপ জানা ।

মই :- হ'লেও অলপ কৈ হলেও কোৱা চোন ,

তাই :- তুমি মোক কৰা প্ৰশ্ন বোৰ নিজক সুধিচোৱা চোন , নিশ্চয় উত্তৰ পাবা ।

তাইৰ কথা বোৰ শুনিলো আৰু তাইৰ ফালে প্ৰথম বাৰ চালো , আৰু মই আচৰিত তাইৰ সৌন্দৰ্য দেখি , মই ইমান দিনে তাইৰ মাটতোহে মাত্ৰ ভালদৰে শুনি আছিলোঁ , কিন্তু তাইক এবাৰো চোৱা নাছিলো , আজিয়েই প্ৰথম‌ চাইচো ।

তাইৰ মাটতো যিমান শুৱলা তাটকৈও তাই বেছি ধুনীয়া । তাইক মই একেৰাহে চাইয়েই থাকিলো। মই তাইক একেৰাহে চাই থকা দেখি তাই কলে ।

তাই :- ঐ কি হল , কিয় চাই আছা মোক এনেকৈ আগতে দেখা নাই নেকি ?
মই :- ....... একো ক'ব পৰা নাই , মই নিৰলতাক আদৰি তাইকেই চাই আছো , তাই মোৰ গালত হাতেৰে চুই দিলে , আৰু কলে

তাই :- ঐ থৰ লাগিলা চোন , নে মোৰ কিবা পৰিক্ষা লৈ আছা, এনেকৈ চাই আছা যে ।

মই :- তোমাক চাইচো কেৱল তোমাক আগতে তোমাক এদিনো চোৱা নাছিলো , আজিয়ে প্ৰথম দেখিছোঁ তোমাক ।

তাই :- আগতে মানে কি , মোৰ ফালে চোৱা নাছিলা ?

মই :- নাই --

তাই :- কিয়নো চাবা তুমি তো মোক পছন্দ নকৰা, মোক ভাল নোপোৱা, হয়নে নহয়?

মই :- হয় ।

তাই :- এতিয়াও মোক পছন্দ নকৰা নে , এতিয়াও মোক ভাল নোপোৱা নহ ?

মই :- শুনাচোন ,

তাই :- কোৱা,

মই :- তোমাক আজি প্ৰথম চাইছো , আৰু তোমাৰ চকুত দেখিবলৈ পালো মোৰ প্ৰতি থকা তোমাৰ মৰম আৰু যত্ন । আৰু তোমাৰ খং , অভিমানত বিচাৰি পালোঁ মোৰ ভালপোৱা ।।

তাই :- আৰে কি কোৱা , সচাকে নে ?

মই :- হয় টো ,

তাই :- মোক বোলে চোন পচন্দ নকৰা , মোক টো ভাল নোপোৱা, তেন্তে এইবোৰ কথা কৈ মোক কিয় ভাল লগাই আছা ।

মই :- আৰে শুনাচোন , তুমি যেতিয়াই মোৰ ওপৰত খং কৰা বা অভিমান কৰা মোৰ মৰম বোৰো তেতিয়াই তোমালৈ বাঢ়ে ।

তাই :- সচাকৈ কৈছা নে ?

মই :- অঅ‌, সচাকৈয়ে কৈছোঁ ।

তাই :- ইচচচ বা, আজিহে মোলৈ মৰম জাগিল যেন পাইছোঁ ,।

মই :- নহয় অ, মানে তোমাক মই চোৱাৰ লগে লগে মোক অচিনা সিহৰণে আৱৰি ধৰিলেহি , তোমাৰ চকুত দেখা মোৰ মৰম বোৰে মোক তোমাৰ প্ৰেমত পৰিবলৈ সাহস দিলে , তোমাৰ মোৰ প্ৰতি থকা যত্ন ই তোমাক মোৰ মানুহজনী হিচাপে বুকুত সাবতি ল'বলৈ বাধ্য কৰিলে ।।

তাই :- আৰু কিবা আছে নে ক'ব লগা ?

মই:- সকলো কলো তোমাক আৰু নাই , আছে মাথো মৰম আৰু ভালপোৱা ।💏

তাই :- ইচচ বা , আজি চোন Romantic হৈ পৰিলা ।💖

মই :- তুমি কাষত থাকিলে সকলো হৈ পৰে কেৱল তোমাৰ বাবেই ।❤️

তাই :- ইমান ভাল পাই পেলালা মোক ,।💖

মই :- নিজতকৈও বেছি ।🌹💖

তাই :- ৰবা, এনেকৈ কৈ মোৰ চাৰ্টৰ কলাৰত খামুচি ধৰিলে আৰু মই ও তাইক মৰমতে সাবতি লৈ সকলো কথা কলো , আৰু অৱশেষত আছিহে তাইক নিজৰ কৰি লব পাৰিলো ।।
মোৰ মনে বিচৰা ৰ ধৰণৰেই তাইক পালো। আজিৰ পৰাহে আমি এক হলো , অৰ্থাৎ তাইলৈ সাঁচি থোৱা মৰম তাইক উপহাৰ দিলো ।।

বি: দ্ৰ : - উপৰোক্ত কথাখিনি মাথোন কাল্পনিক হে , বাস্তৱিক জীৱনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই , কেৱল মোৰ মনৰ অন্তৰ্নিহিত ভাৱহে প্ৰকাশ কৰিছো ।

আপোনালোকে পঢ়ি নিশ্চয় ভাল পাইছে বা কথাখিনি ৰ লগত নিজকে উপলদ্ধি কৰিছে , তেন্তে আগলৈকেও এনেকুৱা ধৰণৰ কথা লিখিবলৈ মোক সাহস তথা উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ।

লিখোঁতে যঠেষ্ট ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰে যেন ।

ধন্যবাদেৰে :- ব্ৰজেন ৰাজবংশী।
✍️ Brojen Rajbongshi.

Please Like , Share...
12/10/2022

Please Like , Share...

Do Follow and Do Share..
13/06/2022

Do Follow and Do Share..

You can share with your someone ..
13/06/2022

You can share with your someone ..

Address


Website

Alerts

Be the first to know and let us send you an email when Assamese Sad, Love, Romantic ,Emotional Quotes & Status posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Photography Service?

Share