13/02/2025
জীৱনৰ চাকনৈয়াত বাস্তৱো কেতিয়াবা থানবান হৈ যায়,
পলকতে হেৰায় দুচকুত লাগি ৰোৱা অনুভৱবোৰ।
বিষাক্ত মানুহৰুপী দানৱবোৰক চিনি পোৱাতে পলম হয়।
দুবাহত শক্তি, মগজুত অবিৰত চিন্তাৰে সমাজৰ আৱৰ্জনা সদৃশ দানৱবোৰক শিক্ষা দিয়াৰ প্ৰয়োজন,
তেতিয়াহে হয়তো আমাৰ দৰে সৰু সৰু মানুহৰ সপোনবোৰ আধৰুৱা হৈ নিঃশেষ নহ'ব।