29/04/2023
আৱেগিক চঞ্চলতাই
সন্ধিয়াৰ মৌনতাত
সহস্ৰ ভাৱৰ ঢৌ খেলাই
নিৰৱে হৃদয়ত সাৱতে
মাৰ যোৱা সূৰুযৰ
প্ৰতিস্ফুত ৰূপ
সন্ধিয়াৰ ৰূপত
বুকুয়েদি বৈ যায়
মুক্ত বতাহৰ অনুভৱ
জাগ্ৰত অনুভূতিবোৰ
বিয়পি ভাহি যায়
সীমাহীন পৰিধিলৈ