Multi Media Press Club Chapar

Multi Media Press Club Chapar please share and like

আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱে অনুষ্ঠিত কৰিছিল চিত্ৰাংকণ প্ৰতিযোগিতা। ১১৫১ নং চাপ...
15/08/2026

আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱে অনুষ্ঠিত কৰিছিল চিত্ৰাংকণ প্ৰতিযোগিতা। ১১৫১ নং চাপৰ জে.বি স্কুলত অনুষ্ঠিত এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে।

তিনিটা শাখাত অনুষ্ঠিত হোৱা এই চিত্ৰাংকণ প্ৰতিযোগিতাত ৯ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰথম, দ্বিতীয় তৃতীয় হিচাপে বাচনি কৰে বিচাৰক ৰত্নদ্বীপ সিংহই।

আমাৰ এই কাৰ্যসূচীত সহায় কৰা বিচাৰক ৰত্নদ্বীপ সিংহ, চিত্ৰশিল্প- চন্দন দে , কীয়া সাহা, মাইকেল ৰাজবংশী, ৰূপম ৰায়, উত্তৰা বৰফুকন, প্ৰধান শিক্ষক আমীৰ আলি ডাঙৰীয়াক মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লগতে আজিৰ বটাঁ বিতৰণ অনুষ্ঠানত নিজৰ ব্যস্ততাৰ মাজত ও সময় উলিয়াই উপস্থিতি থকা চাপৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মাননীয় শশীভূষণ ৰাজকোঁৱৰ ছাৰ আৰু চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় নিপুমণি চৌধুৰীৰ ছাৰক প্ৰেছ ক্লাৱৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

বিশেষকৈ ধন্যবাদ চন্দন দা ভাইটি ৰত্নদ্বীপক।

"ক" শাখা
প্ৰথম স্থান - নীহাৰিকা কলিতা।
দ্বিতীয় স্থান- নয়নীকা ৰায়।
তৃতীয় স্থান- হিয়ামনি ৰায়।

"খ" শাখা
প্ৰথম স্থান - মনামী দে।
দ্বিতীয় স্থান- ময়ূখী মেধী।
তৃতীয় স্থান- উৎকৰ্ষ সাহা।

"গ" শাখা
প্ৰথম স্থান - চয়ানিকা ৰায় ।
দ্বিতীয় স্থান- ঈশা সৰকাৰ।
তৃতীয় স্থান- মৃদুষ্মৃতা বৰ্মণ।

আমাৰ এই কাৰ্যসূচীত সফল কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

🎨 স্বাধীনতা দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা 🇮🇳​মাল্টি-মিডিয়া প্ৰেছ ক্লাব, চাপৰ-ৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে এক ব...
13/08/2026

🎨 স্বাধীনতা দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা 🇮🇳
​মাল্টি-মিডিয়া প্ৰেছ ক্লাব, চাপৰ-ৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
এই শুভ অনুষ্ঠানলৈ সকলো ছাত্ৰ-ছাত্ৰীক সাদৰে নিমন্ত্ৰণ জনোৱা হ’ল।
​📞 যোগাযোগৰ নম্বৰ (Contact Numbers):
​অধিক তথ্য বা নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰক:
​👤 সভাপতি (President): 93651 32296
​👤 সম্পাদক (Secretary): 7002416607

🕯️ শ্ৰদ্ধাঞ্জলি 🕯️মাল্টি মিডিয়া প্ৰেছ ক্লাৱ, চাপৰ। গভীৰ শোক আৰু অপূৰণীয় ক্ষতিৰ অনুভূতিৰে আমি স্মৰণ কৰিছোঁ চাপৰৰ শিক্ষা...
27/06/2026

🕯️ শ্ৰদ্ধাঞ্জলি 🕯️

মাল্টি মিডিয়া প্ৰেছ ক্লাৱ, চাপৰ।

গভীৰ শোক আৰু অপূৰণীয় ক্ষতিৰ অনুভূতিৰে আমি স্মৰণ কৰিছোঁ চাপৰৰ শিক্ষা, সাহিত্য আৰু সমাজ জীৱনৰ উজ্জ্বল নক্ষত্ৰ, ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক তথা সুদক্ষ সংগঠক শ্ৰদ্ধেয় তৰণীকান্ত ৰায় ছাৰক।
শিক্ষাৰ পোহৰ বিলাই, সাহিত্য-সংস্কৃতিৰ বিকাশ সাধি আৰু সমাজসেৱাৰ মহান আদৰ্শক জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰি তেখেতে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। শিক্ষক, সংগঠক, সাহিত্যসেৱী আৰু সমাজৰ পথপ্ৰদৰ্শক হিচাপে তেখেতৰ অনবদ্য অৱদানে চাপৰ তথা সমগ্ৰ বিলাসীপাৰা সমজিলাৰ ইতিহাসত চিৰদিন সন্মানৰ সৈতে স্মৰণীয় হৈ থাকিব।
তেখেতৰ প্ৰয়াণে আমি হেৰুৱালোঁ এগৰাকী দূৰদৰ্শী শিক্ষাবিদ, আদৰ্শবান ব্যক্তিত্ব, মানৱপ্ৰেমী সমাজকৰ্মী আৰু অসংখ্য শিক্ষাৰ্থী-অনুৰাগীৰ প্ৰেৰণাৰ উৎস। কিন্তু তেখেতৰ কৰ্ম, আদৰ্শ, মূল্যবোধ আৰু সমাজৰ প্ৰতি থকা অগাধ দায়বদ্ধতাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব।
মাল্টি মিডিয়া প্ৰেছ ক্লাৱ, চাপৰৰ পৰিয়ালৰ ফালৰ পৰা শ্ৰদ্ধেয় তৰণীকান্ত ৰায় ছাৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

"কৰ্মৰ মাজেৰে মানুহ অমৰ হয়।
শ্ৰদ্ধেয় তৰণীকান্ত ৰায় ছাৰৰ মহান কৰ্ম আৰু আদৰ্শ আমাৰ হৃদয়ত চিৰজীৱী হৈ থাকিব।"

বিনম্ৰ শ্ৰদ্ধাঞ্জলি।

21/01/2026

Address

Chapar
Dhubri
783371

Telephone

+19707848487

Website

Alerts

Be the first to know and let us send you an email when Multi Media Press Club Chapar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share